Class 10 Assamese Chapter 2 Question Answer Jikir  | অসমীয়া Class 10 জিকিৰ 2023

Class 10 Assamese Chapter 2 Question Answer জিকিৰ  | অসমীয়া Class 10 জিকিৰ

Class 10 Assamese Chapter 2 Question Answer জিকিৰ : If you are a student, then today’s article is going to be very important for you because today we have brought Class 10 Assamese Chapter 2 Question Answer জিকিৰ for free on this post.

Class 10 Assamese Chapter 2 Question Answer Overview

Below you will find some basic information about the Class 10 Assamese Chapter 2 Question Answer জিকিৰ. For additional details on Class 10 Assamese Chapter 2 Question Answer, see the table below.

Class 10
Subject Bengali
Chapter জিকিৰ (Chapter 2)
Board SEBA
Category Question Answer
Official Website https://govtjobcenter.in
Join Telegram Group Click Here
Watch On YouTube Click Here

Class 10 Assamese Chapter 2 জিকিৰ Solutions

Chapter – জিকিৰ

প্ৰশ্ন ১। চমু উত্তৰ দিয়া :

(ক) জিকিৰৰ ৰচক কোন?

উত্তৰ :- জিকিৰৰ ৰচক হৈছে আজান ফকিৰ। তেওঁক ‘শ্বাহ মিলান’ বুলিও জনা যায়।

(খ) জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি?

উত্তৰ :- জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক প্ৰাৰ্থনা বা স্তুতিগীতৰ লগত তুলনা কৰিব পাৰি।

(গ) ‘জিকিৰ’ শব্দটো কি শব্দৰ পৰা ওলাইছে?

উত্তৰ:- ‘জিকিৰ’ শব্দটো ‘জিকৰ’ শব্দৰ পৰা ওলাইছে। ইয়াৰ অৰ্থ হৈছে স্মৰণ কৰা ।

প্ৰশ্ন ২। তলৰ শব্দবোৰৰ অৰ্থ লিখা :

ৰছুল, মোমিন, ৰহম, কুটুব।

উত্তৰঃ 1)ৰছুল – দেৱদূত, আল্লাৰ দূত৷

2)মোমিন -বিশ্বাসী মুছলমান।

3)ৰহম- দয়া।

4)কুটুব – নক্ষত্র ।

প্ৰশ্ন ৩৷ ‘মক্কাৰ দুৱাৰত চাহাব জীৱই মাৰে তালি। যেনে শালে শ’লৰ লগত দৰিকাৰ টপালি।’ -ওপৰত উল্লেখ কৰা কথাখিনিৰ অন্তর্নিহিত ভাৱটি বিশ্লেষণ কৰা।

উত্তৰঃ মক্কা হৈছে ইছলাম ধৰ্মালম্বীসকলৰ পৱিত্র ধর্ম পীঠ। তালৈ মানুহে ধৰ্ম বা তীৰ্থ কৰিবলৈ যায়। কিন্তু সেই স্থান দৰ্শন কৰিলেই ধৰ্ম নহয় বা মোক্ষ লাভ নহয় ৷ মোক্ষ বা মুক্তি লাভ কৰিবলৈ মানুহ মুমিন হ’ব লাগিব। অর্থাৎ মানুহে ঈশ্বৰত বিশ্বাস ৰাখিব লাগিব আৰু সৎ হ’ব লাগিব। যদিহে মানুহ মুমিন (ঈশ্বৰ বিশ্বাসী ) নহয় আৰু সৎ কাম অর্থাৎ ভাল-বেয়া বিচাৰ কৰি নচলে তেন্তে তীৰ্থলৈ গ’লেও মোক্ষ (মুক্তি) লাভ নহয়। আত্মাক পবিত্ৰ নকৰি মক্কালৈ যোৱা মানে দৰিকনা মাছেশাল আৰু শ’লৰ লগত যুঁজিবলৈ যোৱাৰ দৰেই মূৰ্খামি।  এনেদৰে উক্ত কবিতাফাঁকিৰ জৰিয়তে কবিয়ে মানুহৰ মুৰ্খামিৰ কথাকেই সূচাইছে।

প্ৰশ্ন ৪। ব্যাখ্যা কৰাঃ

“পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত। খোদা ৰছুল লুকাই আছে মোমিনৰ আঁৰত।”

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ অসমীয়া সাহিত্য পুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত আজান ফকিৰে বিৰচিত ‘জিকিৰ আৰু জাৰী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

উক্ত কবিতাফাঁকিৰদ্বাৰা কবিয়ে ক’ব বিচাৰিছে যে প্রত্যেক মানুহৰ অন্তৰতে ঈশ্বৰৰ অস্তিত্ব বিৰাজমান।

মানুহ বৰ নিৰ্বোধ। ঈশ্বৰ যে প্রত্যেকজন মুমিন (ঈশ্বৰ বিশ্বাসী) ব্যক্তিৰ হৃদয়তে বিৰাজমান বা ঈশ্বৰ যে মুমিনসকলৰ অতি ওচৰতে থাকে সেই কথা উপলব্ধি কৰিব নোৱাৰে। পানীয়ে তৃষ্ণা নিবাৰণ কৰে। তেনেদৰে জুইৰো প্ৰচণ্ড উত্তাপ শক্তি আছে। কিন্তু পানী আৰু জুইয়ে নিজৰ নিজৰ ক্ষমতা বা গুণাগুণৰ বিষয়ে অৱগত নহয়। ঠিক তেনেদৰে মুৰ্খমতি মানুহে নিজৰ অন্তৰতে যে ভগৱান বিৰাজ কৰি আছে সেই কথা উপলব্ধি কৰিব নোৱাৰি হাবাথুৰি খাই মৰে।

(খ) “মক্কাৰ দুৱাৰত চাহাব তিৰবেণীৰ ঘাট।

বেহাৰ নোৱাৰে তাত মায়াই ভেটে বাট।

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ অসমীয়া সাহিত্য পুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা বিৰচিত ‘জিকিৰ আৰু জাৰী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

এই সংসাৰত মানুহ যে মায়া-মোহত আবদ্ধ হৈ ঈশ্বৰ বিমুখ হৈ থাকে তাকেই কবিতা ফাঁকিৰ দ্বাৰা বুজোৱা হৈছে।

ভাৰতৰ প্ৰয়াগ নামে ঠাইত গংগা, যমুনা আৰু স্বৰস্বতী নামৰ তিনিখন নদী মিলিত হৈছে। সেই স্থানখনক ‘ত্রিবেণী ঘাট’ বুলি কোৱা হয়। হিন্দু সকলে ত্রিবেণী ঘাটক তীর্থস্থান হিচাপে গণ্য কৰি প্ৰতি বছৰ তালৈ তীৰ্থ কৰিবলৈ যায়। ঠিক তেনেদৰে মক্কা হৈছে মুছলমানসকলৰ ত্ৰিবেণী ঘাট অর্থাৎ পুণ্য স্থান। তাত প্ৰতি বছৰ লাখ লাখ মানুহ তীৰ্থ কৰিবলৈ যায়। তীৰ্থ কৰিলে মানুহৰ পাপ মোচন হয় আৰু পুণ্য সঞ্চয় হয় অর্থাৎ মানুহে মোক্ষ (মুক্তি) লাভ কৰিব পাৰে। পুণ্য সঞ্চয় মাত্র সেইসকল লোকৰ বাবেহে সম্ভৱ হয় যিসকলে সংসাৰৰ মায়া-মোহৰ পৰা মুক্ত। কিন্তু মানুহ বিষয়-ভাৱনাত লিপ্ত থকা বাবে তীৰ্থ মোক্ষ লাভ কৰিব নোৱাৰে। 

(গ) “সজাৰ মইনাটিৰ অনেক যুগুতি । দেও মাৰি পাৰ হ’লৈ এৰিলে পিৰীতি।”

উত্তৰঃ উদ্ধৃত কবিতাফাঁকি আমাৰ অসমীয়া সাহিত্য পুথি ‘সাহিত্য সুবাস’ৰ অন্তৰ্গত আজান ফকিৰৰ দ্বাৰা বিৰচিত ‘জিকিৰ আৰু জাৰী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

মানৱ জীৱন যে ক্ষণস্থায়ী তাকেই উদ্ধৃত কবিতা ফাঁকিৰ দ্বাৰা বুজোৱা হৈছে। ইয়াত ‘সজাৰ মইনা’ চৰাইক ৰূপকাত্মক হিচাপে ব্যৱহাৰ কৰা হৈছে।

মানৱ জীৱন অনিত্য অৰ্থাৎ ক্ষণভঙ্গুৰ। কোন মুহূৰ্তত মানুহৰ শৰীৰৰ পৰা আত্মা ওলাই গুচি যায়গৈ কোনেও নাজানে। আত্মা এবাৰ গুচি গ’লে দুনাই ঘূৰি নাহে। ঠিক সজাত বন্ধী কৰি ৰখা মইনা চৰাই এটিৰ দৰে। সজাৰ মইনা চৰাই এটি যদি কোনে প্ৰকাৰে সজাৰ পৰা ওলাই যাব পাৰে তেন্তে সি আৰু ঘূৰি নাহে। সেয়ে মানুহে সংসাৰৰ অনিত্যতা অনুধাৱন কৰি মায়া-মোহত আবদ্ধ নাথাকি ঈশ্বৰ চিন্তাত মগ্ন থকা উচিত।

ভাষা বিষয়ক :

প্ৰশ্ন ১। সমার্থক শব্দ লিখাঃ

চিন্তো, ঘাট, পিৰীতি, আচমান

উত্তৰ :

শব্দ                     সমার্থক শব্দ

চিন্তো                    ধ্যান কৰা

ঘাট                       তীৰ

পিৰীতি                  প্রেম

আচমান                আকাশ।

SEE THIS –

If you like this content, share it with your friends on Facebook and WhatsApp.

I hope you have found complete information about Class 10 জিকিৰ Chapter 2 Question Answer in this article. If you would like to ask some more questions related to Class 10 Assamese Chapter 2, you can ask by commenting. Here our team member will reply to you as soon as possible. For more information about all Class 10 Assamese Chapter 2 visit our web page GovtJobCenter.In.

Leave a Comment

F5- REL0AD THE PAGE TO REMOVE THE ADS

X